Skip to main content
ৰদা'লি
জিয়াই আছো আমি এমুঠি সপোন লৈ ৷এই সপোনবোৰৰ এক সুকীয়া জগত আছে ৷ সচাকৈয়ে এই জগত সুকীয়া, যাৰ লগত বাস্তৱ জিৱনৰ কোনো মিল নাই ৷ এই জগতখন বাস্তৱ জগতৰ দৰে ব্যস্ততাৰে ভৰা নহয় , তাত পৰাজয় নাই ,আছে বিজয়ৰ আশা, ভৰসা ৷ তাত কোলাহল নাই, আছে শান্তি আৰু শান্তি, হৃদয় আৰু আত্মাৰ কথোপতন ৷ বাস্তৱ সত্যৰ পৰা বিচ্ছিন্ন সেই জগত ৷ বাস্তৱৰ কঠোৰতা, নিষ্টোৰতাক আওকাণ কৰে এই সপোনে, জিৱনৰ উৎসাহ, উদ্দিপনা, প্ৰেৰণাৰ সৃষ্টি সেই স্বপ্ন ৰাজ্যত ৷ বাস্তৱে কৰা প্ৰতাৰণাৰ পিছত জিৱনে এটি আশ্ৰয়ৰ সন্ধান বিচাৰি পায় সেই স্বপ্ন ৰাজ্যত ৷ এই ৰাজ্যত বাস কৰে মোৰ প্ৰাণৰ প্ৰিয়া, মোৰ জিৱন আৰু মোৰ আপোনজন ৷ এই স্বপ্নসমুহৰ নিৰ্দিষ্ট স্থল নাই, বিস্তাৰ অপৰিসীম ,উদ্দেশ্য এটি সুন্দৰ জিৱনৰ সন্ধান ৷ এই সপোনৰ অহৰহ তাৰণাই মোৰ বাস্তৱ জিৱনৰ প্ৰেৰণা ৷
ৰদা'লি, ৰদা'লি এটি সপোন মোৰ বাবে ৷পুৱতিৰ ৰদা'লিয়ে যিদৰে এটি নতুন দিনৰ সুচনা কৰে ....ঠিক সেইদৰে মোৰ ৰদা'লিয়ে মোৰ সপোন উজলাই তুলিব বুলি মই আশা ৰাখিলো ৷
Comments
Post a Comment