বলীউডে কিদৰে টকা উপাৰ্জন কৰে, How bollywood earn money

             আমাৰ ভাৰতবৰ্ষ এখন চিনেমাপ্ৰেমী দেশ ৷ আপোনালোকে জানেনে  পৃথিৱীত আটাইতকৈ বেছি চিনেমা নিৰ্মান হয় আমাৰ ভাৰতবৰ্ষত ৷বন্ধুসকল আমি প্ৰত্যেকেই বিশেষকৈ মনোৰঞ্জনৰ বাবে চিনেমা চাই ভাল পাওঁ ৷ আৰু চিনেমা বলিওডৰ হলেতো  কথাই নাই ৷কিন্ত আপোনালোকে জানেনে বলিওডৰ চিনেমাসমুহে কিদৰে টকা উপাৰ্জন কৰে ?  আমি কেতিয়া এখন টিনেমা  Hit হোৱা বুলি আৰু কেতিয়া Flop হোৱা বুলি কওঁ ৷ আজি এই বিষয়ে আলোচনা কৰো আহক ৷
                     চিনেমা জগতে কিদৰে টকা উপাৰ্জন কৰে,  ইয়াক জনাৰ আগতে কিদৰে চিনেমা এখন নিৰ্মান হয় তাক জানি লওঁ ৷
                    বন্ধুসকল, চিনেমা এখন নিৰ্মান কৰা কাৰ্যক তিনিটা ভাগত ভাগ কৰা হয়৷

1.Development

2.Pre-production

3.Production

4.Post – production

1. Development :
    Development হল চিনেমা এখন নিৰ্মান কৰাৰ প্ৰথম স্তৰ  ৷ এই ভাগত চিনেমাখনৰ কাহিনী,  সংলাপ আদি তৈয়াৰ কৰা হয় ৷
       
2.Pre-Production :
                   এই স্তৰত চিনেমা খনৰ বাবে সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰা হয় ৷ চিনেমাখন কোন কোন ঠাইত  শ্বুটিং হব,  অভিনেতা কোন হব,  অভিনেত্ৰী কোন হব, শ্বুটিংত কোন কোন যাব আদি সকলো পৰিকল্পনা নিৰ্দিষ্ট কৰা হয় এই স্তৰত ৷
     
  3.Production:
                  এই স্তৰত নিৰ্দিষ্ট পৰি়কল্পনা অনুযায়ী চিনেমা খনৰ শ্বুটিং অৰ্থাত নিৰ্মান কাৰ্য সম্পন্ন কৰা হয়৷ চিনেমা এখন আৰম্ভনিৰে পৰা শেষলৈকে আমি যিবোৰ দৃশ্য দেখা পাওঁ এই সকলোবোৰ এই স্তৰৰ ভিতৰত পৰে ৷

4.post – production:
               এই স্তৰত শ্বুটিং হোৱা চিনেমা খনৰ এডিটিং,  সকলো  চাউণ্ড ডিজাইনিং,  ডাবিং ইত্যাদি কাৰ্য সম্পন্ন হৈ যায় ৷ এইখিনিতে গোটেই চিনেমাখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ন  হৈ যায় ৷
         আমি সকলোয়ে জানো যে চিনেমা এখনত Producer এ টকা লগায় ৷ এতিয়া Producer এ নো কিদৰে লাভ উপাৰ্জন কৰে ? Producer সকলে চাপ্লাই চেইন (Supply chain) প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্য কৰে , ইযাত দুটা সম্ভাৱনা হব পাৰে ৷
     
               প্ৰথম সম্ভাৱনা , ইয়াত Producer  নিজে বিতৰক (distributor)  হয় ৷
          দ্বিতীয় সম্ভাৱনা,  ইয়াত Producer এ চিনেমাখন অন্য বিতৰকক বা Dristributor অক বিক্ৰি কৰি দিয়ে ৷ ইয়াৰ পিছত Producer এ আৰু লাভ- নোকচান নাপায় ৷
           
Distributor:
           Distributor এ চিনেমাখনৰ মাৰ্কেটিং,  প্ৰমোশন,  এডভাৰ্টাইজিং,  আদিত বহুত টকা খৰচ কৰে কাৰণ মাৰ্কেটিং আৰু প্ৰমোশন চিনেমাখন হিট আৰু  ফ্লপ হোৱাত বিশেষ ভূমিকা গ্ৰহন কৰে ৷
      এতিয়ালৈকে চিনেমা ৰিলিজ হোৱাৰ বাবে তৈযাৰ হৈ যায় ৷ পোন প্ৰথমে distributor এ চিনেমা খন ছেটেলাইট ৰাইটছ ( satellite rights)আৰু মিউজিক ৰাইটছ সমূহত বিক্ৰি কৰি দিয়ে ৷ ছেটেলাইট ৰাইটছ মানে হ’ল  টিভি (TV) চেনেলসমূহত চিনেমাখন দেখুৱাৰ বাবে  টিভি চেনেলবোৰে চিনেমাখনৰ ৰাইটছ চিনেমাখনৰ producer বা distributor ৰ পৰা কিনিব লাগে ৷
        ইয়াৰ পিছত আহে চিনেমাখনখন ৰিলিজ কৰাৰ মুখ্য কাম চিনেমাখন থিয়েটাৰত ৰিলিজ কৰা ৷ কিয়নো চিনেমা এখনৰ অধীকতৰ লাভ থিয়েটাৰৰ পৰাই হয় ৷ ইয়াৰ বাবে Distributor এ তেওৰ তলত থকা  sub-distributorঅক চিনেমাখনৰ ৰাইটছ বিক্ৰ কৰি দিয়ে ৷ Sub- distributor সকল দেশৰ অন্য অন্য ঠাইৰ পৰা হয় ৷ তেওঁলোকে আকৌ তেওঁলোকৰ  অঞ্চলৰ থিয়েটাৰৰ মালিকসকলক চিনেমাখনৰ ৰাইটছ বিক্ৰি কৰি দিয়ে ৷ ইয়াৰ পিছত চিনেমা থিয়েটাৰৰ মালিকে থিয়েটাৰত চিনেমাখন প্ৰদৰ্শন কৰি  টিকেট  বিক্ৰি টকা পায় আৰু ইয়াক মুল আমদানি (Gross income)  বুলি কোৱা হয় ৷
           এতিয়া গ্ৰছ ইনকামৰ পৰা চৰকাৰক 28% টেক্স দিব লগা হয় ৷ টেক্স দিয়াৰ পিছত ৰৈ যোৱা নেট ইনকাম থিয়েটাৰৰ মালিকে distributorৰ সৈতে ভাগ -বতৰা কৰিব লাগে ৷ এই ভাগ -বতৰাৰ এটা নিৰ্দিষ্ট অনুপাত আছে –
         
          Single screen theatres:
                                               
                                      25:75

         অৰ্থাত চিনেমাখন 100 কৌটি টকা উপাৰ্জন কৰিলে 25 কৌটি টকা থিয়েটাৰে ৰাখিব আৰু distributor এ 75 কৌটি পাব ৷
             
              Multiplex theatres:
         Multiplex theatresৰ ক্ষেত্ৰত অনুপাত অলপ বেছি হয় ৷
                 প্ৰথম সপ্তাহ:            50:50
                 দ্বিতীয় সপ্তাহ:         60:40
                  তৃতীয় সপ্তাহ:         70:30
         তিনি সপ্তাহৰ পৰা বেছি চলিলে তাৰ পিছৰ সপ্তাহসমুহত তৃতীয় সপ্তাহসমূহৰ দৰে অনুপাত থাকে ৷
     
 বন্ধুসকল এইদৰেই বলীউড চিনেমা এখনে নিৰ্দিষ্ট চুক্তি অনুযায়ী টকা উপাৰ্জন কৰে ৷
      আজিলৈকে ইমানতেই সামৰো ৷ আশা কৰো এই তথ্য খিনি আপোনাৰ  ভাল লাগিল   ৷

         
                 

       

       

Comments